Breaking News
Home / Nagaon / ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ মন্তব্য – নুৰুল হুদাৰ বিৰুদ্ধে আছে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ।

ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ মন্তব্য – নুৰুল হুদাৰ বিৰুদ্ধে আছে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ।

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ বিৰোদ্ধে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। এই মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ। মঙ্গলবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীয়ে। গোস্বামীয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় ৰাইজৰ দলে ৰাইজৰ হৈ কাম কৰি যাব।
মংগলবাৰে ৰূপহীহাট সমষ্টিৰ জুৰীয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা উদ্দেশ্য এখন সভা অনুষ্ঠিত হয় । জুৰীয়াৰ নাট্যমন্দিৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত ৰূপহীহাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ‘ৰাইজৰ দলৰ’ ৰাজ্যিক আহ্বায়কৰ উপস্থিতিত গঠিত হয় ৩৯ জনীয়া আহ্বায়ক সমিতি। সভাত অৰ্ধ শতাধিক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।কা আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্বনাই আনুষ্ঠানিক ভাৱে যোগদান কাৰ্যসূচীৰ পাছততেই গঠিত হয় আহ্বায়ক সমিতি। ৰূপহীহাট সমষ্টিৰ ৰাইজৰ দলৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ লগতে সভাখনত উপস্থিত আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিসমিতিৰ সভাপতি ৰাজু বৰা, লাচিত সেনাৰ নেতা নবজিত বৰা আৰু প্ৰকাশ বৰুৱা। ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ক্ৰমে ইক্ৰামুল মজিদ, নজৰুল ইছলাম, ছফিকুল ইছলাম লগত দলটোৰ কেবাজনো নেতা ।

About Debrata Pyne

Check Also

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই …

Leave a Reply

Your email address will not be published. Required fields are marked *