
আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিৰ আগন্তুক নিৰ্বাচনত অগপ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা কৰ্মী সকলে অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। লাহৰীঘাট ধিঙৰ আটি গাঁৱত অগপ দলৰ এখনি যোগদান সভা অনুষ্ঠিত হৈ যায়। সভাখনত অৰ্ধ শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ দল ত্যাগ কৰি অগপ দলত যোগদান কৰে। সভাখনত উপস্থিত থাকে অগপ দলৰ লাহৰীঘাট সমষ্টি কমিটিৰ সভাপতি গুলজাৰ হুছেইন, সম্পাদক উপেন খাটনিয়াৰৰ লগতে দলটোৰ বহু নেতা-কৰ্মী। উপেন খাটনিয়াৰ আৰু গুলজাৰ হুছেইনে নিজৰ ভাষন প্ৰসঙ্গত প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰে।