
শাসীত চৰকাৰ খনৰ কাৰ্য্যকালত ৰাজ্যত উন্নয়নৰ ঢাক ঢোল বজাই থকা সময়ত চৰকাৰৰ খনৰ উন্নয়নৰ এক বিপৰীত দৃশ্য জিলিকিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰী গাঁৱত। যোৱা দীৰ্ঘ দিন কংগ্ৰেছৰ শাসনকালত সিহতৰ কৰ্মকাণ্ডত বিতিষণা ধৰি ৰাইজে চৰকাৰৰ পৰিবৰ্তন ঘটালে যাতে ৰাইজৰ দুখ যন্ত্ৰণাৰ অংশীদাৰ হ’ব পাৰে, কিন্তু সেয়াও যেন অথলে যোৱা পৰিলক্ষিত হৈছে। এক জলন্ত উদাহৰণ স্বৰূপে কাছাৰী গাঁৱৰ এখন দলং, যিটো দলং প্ৰায় কুৰি বছৰ মান ধৰি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি যাতায়ত ব্যহত হৈ পৰিছে আৰু আজিলৈকে কোনো এজন সদাসয় জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ হোৱা নাই দলং খনৰে যাতায়ত সুচল কৰিবলৈ। দীৰ্ঘ দিন ধৰি দলং খন ভাঙি জহি খহি নাস্তানাবুত হৈ পৰিছে। আৰু কাছাৰী গাঁৱ বজাৰৰ পৰা পুৱা ফালে যোৱা ৰাস্তাৰ তথা ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমামূৰীয়া দলং খনৰ পৰিৱেশে যাতায়ত ক্ষেত্ৰত মৰ্মাহত কৰিছে। পুৰণি কলিয়া কাঠৰ দলং খন ভাঙি জহি-খহি পৰাত সাধাৰণ ৰাইজে চলাচলত বাধাৰ সৃষ্টি হোৱাৰ উপৰি যানবাহন চলাচল সম্পূৰ্ণ ৰূপে ব্যহত হৈ পৰা বুলি জানিবলৈ দিয়ে স্থানীয় ভুক্তভোগী ৰাইজে।
দলং খনৰ ভয়াবহতাই শিক্ষা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়ত পৰিৱেশতো এক জটিল সমস্যাই ঘেৰি ধৰিছে। দীৰ্ঘ দিনীয়া জৰাজীৰ্ণ দলং খন স্থানীয় বিধায়কৰ লগতে চৰকাৰক দৃষ্টি আকৰ্ষণৰ দাবী জনায় ভুক্তভোগী ৰাইজে।