
আজি পূৱা ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ফুটালঝাৰত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ পকী গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গাওঁ খনৰ ছাইফুল ইছলামৰ বাসগৃহত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। বিদ্যূৎৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে পৰিয়াল লোকে । লেলিহান জুইয়ে ছানি ধৰাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই কিছু নিয়ন্ত্ৰণলৈ আহে । যাৰ বাবে পৰিয়ালটোৰ কেবাটাও আৱাস গৃহ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে । পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰে। জুইত পৰিয়ালটোৰ ২০ লক্ষাধিক টকাৰ সামগ্ৰী জাহ যায়। ইপিনে স্থানীয় বিধায়ক নুৰুল হুদাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।