নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন সংগঠনৰ নেতৃত্বত গঠন হবলৈ ধৰিছে বিভিন্ন ৰাজনৈতিক দল । সকলোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কোচ কাৱাচ । জিলা জিলাই গঠন কৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন আহবায়ক সমতি ।

কষক মুক্তি সংগ্ৰাম সমিতিৰ উদোগত গঠন হৈছে ঐক্যবদ্ধ, আপোচহীন প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিক দল ৰাইজৰ দল । এই ৰাইজৰ দলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে নিৰ্বাচনী কোচ কাৱাচ । সেই উদ্দেশ্যে আজি মৰিগাঁওৰ পবিতৰা হাট পেকখাগৃহত অনুষ্ঠিত হয় ৰাইজৰ দলৰ মৰিগাঁও জিলা আহবায়ক সমিতি সভা। ৰাইজেই ৰজা , ৰাইজেই প্ৰজা ৰাইজৰ দল , ৰাইজৰ দল শ্লোগানেৰে আৰম্ভ হয় সভাখন । দিনৰ 11 বজাৰ পৰা আৰম্ভ হয় এই সভাখন । সভাখনত উপস্থিত থাকে বহুতো গন্য মান্য ব্যক্তি সকল । শ শ ভোটৰ ৰাইজে যোগদান কৰে ৰাইজৰ দলত।