Breaking News
Home / Nagaon / মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে মুখা শিল্প নিৰ্মানৰ লগতে প্ৰশিক্ষণত ব্যস্ত নগঞা এগৰাকী শিল্পী।

মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে মুখা শিল্প নিৰ্মানৰ লগতে প্ৰশিক্ষণত ব্যস্ত নগঞা এগৰাকী শিল্পী।

নগাঁও জিলাৰ হাতীচোং ব্ৰাহ্মণগাঁৱৰ এগৰাকী শিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ। মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখা শিল্প নিৰ্মান কৰাৰ লগতে অঞ্চলৰ শিশু সকলকলৈ মুখা শিল্পৰ প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈছে শিল্পী গৰাকী। এই শিল্পী গৰাকী হৈছে হাতীচোং ব্ৰাহ্মণগাঁৱৰ অজিত বৰা। পেচাত এগৰাকী শিক্ষক অজিত বৰাই শিক্ষকতাৰ বৃত্তিৰ সমান্তৰালকৈ আজৰি সময়ত ভাস্কৰ্য শিল্পৰ লগতে মুখা শিল্পৰ নিৰ্মাণ কৰি সমগ্র হাতীচোং অঞ্চলৰ লগতে সমগ্ৰ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। শিল্পী গৰাকীয়ে নিজ গৃহতে এখন শিল্পআশ্ৰম প্ৰতিষ্ঠা কৰি মুখা শিল্প আৰু ভাষ্কয্য শিল্পকে ধৰি বিভিন্ন ধৰণৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত শিশু সকলক প্ৰশিক্ষণ দি আহিছে।

উল্লেখযোগ্য যে, যি সময়ত সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম সংযোজন গুৰুজনাৰ সৃষ্টি মুখা শিল্প বিলুপ্তিৰ পথত গতি কৰিছে ঠিক সেই সময়তেই শিল্পী গৰাকীয়ে লোৱা এনে প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

About Debrata Pyne

Check Also

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই …

Leave a Reply

Your email address will not be published. Required fields are marked *