
বিলাসীপাৰা জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰণৱ অধিকাৰীৰ সভাপতিত্বত বিলাসীপাৰা ডঃ বি আৰ অন্বেদকাৰ ভৱনত আজি এখন প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। উক্ত সভা খনত উদ্দেশ্য ব্যাখ্যা কৰে বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহঃ সম্পাদক নৱদয় চক্রৱতীয়ে। ইয়াৰ উপৰিও সভা খনত বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপম শৰ্ন্মাক সভাপতি,জয়দ্বীপ শৰ্মাক সম্পাদক হিচাপে বাছনি কৰি লগতে আৰু কেইবা গৰাকী ব্যক্তিক বিভিন্ন পদত বাছনি কৰে। উল্লেখ্য যে সভা সভা খনত কেন্দ্ৰীয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ- সভাপতি হেঁমেন চক্রৱতী,সম্পাদক,পলাশ চংমাই উপস্থিত থাকে।