Breaking News
Home / West Karbi Anglong / পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটোৰ বিৰোধীতা কৰি কে এচ এ ‘ য়ে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে পুত্বলিকা দাহ কৰে ।

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটোৰ বিৰোধীতা কৰি কে এচ এ ‘ য়ে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে পুত্বলিকা দাহ কৰে ।

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি্‌ কাৰ্বি ছাত্ৰ সংষ্ঠাৰ কেন্দ্ৰীয় সভাপতি ছেম চন তেৰণৰ নেত্ৰিত্বত এখনি প্ৰতিবাদী সমদলৰ আয়োজন কৰে ৷ এই সমদলত একাংশ ছাত্ৰছাত্ৰীৰ যোগদানেৰে অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্বলিকা দাহ কৰে । অসমৰ বিতিএডি’ত ৬ নৱেম্বৰত এখন নিৰ্বাচনী সভাত স্বায়ত্ত্ব শাসিত পৰিষদ অথবা ট্ৰাইবেল বেল্টৰ ভূমি অজনজাতি লোকক দিয়াৰ কথা উল্লেখ কৰাৰ গিছত ডংকামোকামত কাৰ্বি ছাত্ৰ সণ্ঠাৰ কেন্দ্ৰীয় সভাপতি ছেম চন তেৰণে সাংবাদিকৰ আগত কয় যে অসমৰ জেষ্ঠনেতা হিমন্ত বিশ্ব শৰ্মাই পাহাৰীয়াজিলাখনৰ ভূমি অজনজাতি সকলক বেচা-কিনা কৰাৰ অধিকাৰ কোনে দিলে আনহাতে অজনজাতি লোকক স্বায়ত্ত্ব পৰিষদ অথবা ট্ৰাইবেল বেল্টৰ ভূমি বেচা-কিনা কৰিব নোৱাৰা অধিকাৰ আমি নিজেই লোৱা নহয় এইয়া ভাৰত চৰকাৰেহে আমাক দিয়া অধিকাৰ ৷ গতিকে আমি কোনো কাৰণতেই অজনজাতীয় লোকক ভূমি বেচা-কিনা ক্ষেত্ৰত মানি লোৱা নহব ৷ যদি এইজন জেষ্ঠ নেতাই আমাৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ ভূমি অথবা ট্ৰাইবেল বেল্টৰ ভূমি অজনজাতি লোকক দিয়াৰ ব্যৱস্হা কৰে তেন্তে অনাগত দিনত অসমত অশান্তিৰ সৃষ্টি হব বুলি সকিয়াই দিয়ে ছাত্ৰ নেতাজনে

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *