বৰ্ণিবাৰি বাৰোৱাৰি শ্ৰী শ্ৰী শ্যামা পুজা উদযাপনৰ আয়োজন।এইবাৰ নহয় ৰাজহুৱা বলি
Debrata Pyne
November 9, 2020
Nalbari
14 Views
এন্ধাৰ আতৰাই দিপাৱলীৰ পোহৰেৰে মা শ্যামা কালীক আদৰিবলৈ এতিয়া ৰাজ্যৰ বিভিন্ন পূজাৰ স্থলীত চলিচে ব্যাপক প্ৰস্তুতি । বিগত বছৰৰ দৰে এইবেলিও নলবাৰী জিলাৰ বৰ্ণিবাৰী ৰাইজৰ সহযোগত সম্পূৰ্ণ কোভিদ প্ৰটোকল মানি ১৩,১৪, আৰু,১৫ নবেম্বৰত শক্তিৰ অধিষ্ঠাত্ৰী দেবী মা শ্যামা কালিৰ পদযুগলত সৰ্বমংলাৰ্থে বৰ্ণিবাৰী বজাৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শ্যামা কালীৰ মন্দীৰত অনুষ্ঠপীয়াকৈ তিনিদিনীয়া কাৰ্য্যসুচীৰে পুজা অৰ্চনাৰ আয়োজন কৰিছে । এইবাৰ কৰোণা মহামাৰীৰ বাবে নহয় ৰাজহুৱা বলি । ইয়াৰ বিপৰীতে সকলোৰে মঙ্গলাৰ্থে আৰু কৰোণা মহামাৰী নিৰ্মূলৰ কামনাৰে পূজা সমিতিৰ পৰা এটা ছাগলি বলি দিয়া হব । ইয়াৰ উপৰিও পূজাৰ প্ৰতিটো দিনতে অতি প্ৰাচীন এই বাৰোৱাৰি শ্যামা পুজাত বিগত বৰ্ষ সমূহত হেজাৰ হেজাৰ ভক্তৰ সমাহাৰ ঘটিছিল যদিও এইবাৰ সম্পূৰ্ণ কভিড প্ৰট’কল মানিহে কম সংখ্যক ভক্ত দৰ্শনাৰ্থীয়ে পূজাত সোমাব পাৰিব । এক প্ৰকাৰ মিলন তীৰ্থত পৰিণত হয় বৰ্ণিবাৰি শ্যামা পুজা । উল্লেখ্য যে ১৫ নবেম্বৰত সামৰণি পৰিব এই বৰ্ণিবাৰী বাৰোৱাৰী শ্ৰীশ্ৰী শ্যামা পূজা উদযাপনৰ ।