Breaking News
Home / Nalbari / বাটসৰত পুষ্পকান্ত দেৱ শৰ্মাৰ জীৱনৰ আধাৰত ”পুষ্প- সুবাস ” শীৰ্ষক গ্ৰন্থ উন্মোচন

বাটসৰত পুষ্পকান্ত দেৱ শৰ্মাৰ জীৱনৰ আধাৰত ”পুষ্প- সুবাস ” শীৰ্ষক গ্ৰন্থ উন্মোচন

নলবাৰী জিলাৰ বাটসৰত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ৰাজ্যিক পুৰষ্কাৰ প্ৰাপ্ত শিক্ষক , সমাজকৰ্মী, সুবক্তা , সমাজহিতৈষী বাটসৰ নিবাসী পুষ্প কান্ত দেৱ শৰ্মাৰ জীৱনৰ কৰ্মৰাজীৰ আধাৰত “পুষ্প-সুবাস” শীৰ্ষক আত্মজীৱনী গ্ৰন্থ উন্মোচন কৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজ্যিক পুৰষ্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক ধীৰেন্দ্ৰ নাথ শৰ্মাই । স্থানীয় সমাজকৰ্মী পুলক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অংশ লৈ সাহিত্য ৰত্ন ড:বসন্ত কুমাৰ ভট্টাচাৰ্য, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক ড: বিপ্লব‌ ডেকা, বৰনৰ্দ্দী হাইস্কুলৰ প্ৰধান শিক্ষক মহ:ৰিয়াজউদ্দিন আলি আহমেদ, নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে পুষ্পকান্ত দেৱ শৰ্মাৰ গুণানুকীৰ্তন কৰে ।
আজিৰ এই গ্ৰন্থ উন্মোচনী সভাই পুষ্পকান্ত দেৱ শৰ্মাৰ মনোবল আৰু আয়ুস বৃদ্ধি কৰা বুলি শৰ্মাই উল্লেখ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে বৃক্ষৰোপণ কৰে বাটচৰ গাও উন্নয়ন সমিতিৰ সম্পাদক মুনীন্দ্ৰ ভট্টাচাৰ্য আৰু দক্ষিণ পকোৱা গাওঁ পঞ্চায়তৰ সভাপতি মহ:নাজিম উদ্দিন আহমেদে । বন্তি প্ৰজ্বলন কৰে নলবাৰী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য জয়ন্ত কুমাৰ‌ শৰ্মাই ।

About Debrata Pyne

Check Also

সৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।

নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO …

Leave a Reply

Your email address will not be published. Required fields are marked *