বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ দুমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন ৷
Debrata Pyne
November 8, 2020
Nalbari
80 Views
নলবাৰী জিলাৰ মুকালমুৱাত আজি বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ প্ৰস্তাবিত দুমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাসৰ উপস্থিতিত প্ৰস্তাবিত ভৱনটিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নাৰায়ন ডেকাই ৷ আধাৰশিলা স্থাপনৰ পিছত বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ সভাপতি প্ৰদীপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক নাৰায়ন ডেকাই প্ৰস্তাবিত ভৱনটি নিৰ্মানৰ সম্পুৰ্ণ দায়িত্ব তেওঁ নিজেই গ্ৰহন কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাসে ভৱনটিৰ চাৰিবেৰৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়া কংকণ শৰ্মা, মুকালমুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা,নলবাৰী জিলাৰ কে’বাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু বৰক্ষেত্ৰীৰ জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিক সকল উপস্থিত থাকে ৷