
বিলাসীপাৰাঃ ৭ নভেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি কৰাৰ ফলত বিলাসীপাৰা আৰক্ষী নিৱেশত এখন সভা অনুষ্ঠিত হয়। উক্ত সভা খনত গাওঁৰক্ষী বাহিনীৰ সভাপতি পদৰ বাবে চাৰি গৰাকী ব্যক্তিৰ নাম প্ৰস্তাৱ সমৰ্থন আগবঢ়ায়, ইয়াৰে চাৰি গৰাকী ক্রমে, সাহা আলম, চমৰ আলী, মতিন আলী, আনোৱাৰ হোসেন, নৱ গঠিত গাওঁৰক্ষী বাহিনীৰ সমূঁহ সদস্য সকলৰ সমৰ্থন মৰ্ন্মে সাহা আলমে আঠ গৰাকী ব্যক্তিৰ সমৰ্থন লাভ কৰি সভাপতি হিচাপে বাছনি হয়, আৰু লগতে হোছেন আলী মণ্ডলে ১৬ গৰাকী ব্যক্তিৰ সমৰ্থন লাভ কৰি কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ নায়ক হিচাপে বাছনিকৃত হয় । উল্লেখ্য যে সভা খনত বিলাসীপাৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাত্ত বিষয়া,মনোজ নাৰ্জাৰী,চি ও ভি ডি পি, বিলাসীপাৰা আৰক্ষী নিৱেশৰ প্ৰাক্তন সভাপতি আয়নাল হক, গাওঁৰক্ষী বাহিনীৰ সম্পাদক আবুল কালাম আজাদ আদিকে ধৰি উপস্থিত থাকে।।
