
নলবাৰীৰ 2 নম্বৰ খাটা গাঁও পঞ্চায়তত আজি বহুত কেইটা আঁচনিৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰা হয় । এই আঁচনি সমূহৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । উদ্বোধনী অনুষ্ঠানৰ পিছত বিধায়ক গৰাকীয়ে নলবাৰীৰ শ্ৰী শ্ৰী বালিলেছা কালি দেৱালয়ত এখন দলীয় সভাত অংশগ্ৰহণ কৰে । এই দলীয় সভাত আগন্তুক নিৰ্বাচন সম্পৰ্কে নলবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বৰ দৰে স্হান অখণ্ড ৰাখিবলৈ যাত্ৰা আৰম্ভ কৰা বুলি বিধায়ক অশোক শৰ্মাই মন্তব্য প্ৰকাশ কৰে । আজিৰ এই অনুষ্ঠানত বিধায়ক গৰাকীক সহযোগ কৰে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা সহ পঞ্চায়ত প্ৰতিনিধি তথা ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী সকলে ।