Breaking News
Home / Dhubri / ধুবুৰী বিলাসীপাৰাত ২ কোটি ৬০ লাখ টকাৰ পকী পথ নিৰ্মাণ কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান |

ধুবুৰী বিলাসীপাৰাত ২ কোটি ৬০ লাখ টকাৰ পকী পথ নিৰ্মাণ কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান |

বিলাসীপাৰাঃ ৭ নভেম্বৰঃ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টি খনত যোৱা ৪ বছৰ ছয় মাহত যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে, কৰ্মদক্ষতা পুৰ্ণ থকা ৰাইজৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে বিধায়ক সিংহীৰ উদ্যোগত আৰু লগতে শগুনমাৰী গাওঁ পঞ্চায়তৰ সভাপতি আতোৱাৰ হোসেনেৰ সহযোগত আজিৰ দিনত ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ বাংলাৰ পৰা বেপাৰীপাৰা হৈ সোনকোষ লৈ যোৱা পকী ৰাস্তাটো দীৰ্ঘ দিনৰ পৰাই জৰাজীৰ্ণ ৰূপত আছিল,যদিও আজিৰ দিনত বিধায়ক সিংহীয়ে উক্ত জৰাজীৰ্ণ পকী ৰাস্তাটো মেৰামতিৰ বাবে SOPD আঁচনিৰ ২ কোটি ৬০ লাখ টকাৰ ১৫০০ মিটাৰ দৈৰ্ঘ্য পকী ৰাস্তা নিৰ্মাণ কামৰ আধাৰশিলা শুভ উদ্বোধন কৰে, বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱ,বিলাসীপাৰা মহকুমা টেৰিটোৰিয়েল্ কাৰ্য্যবাহী অভিযন্তা দ্বীপেন্দ্ৰ নাথ মেধি, আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে প্ৰায় পাঁচ হেজাৰ ৰাইজ সমাগম হোৱা বুলি জানিব পৰা গৈছে।ইয়াৰ উপৰিও অনুষ্ঠানটোত অসমৰ ভিতৰ চৰাত প্ৰায় একমাত্ৰ খ্যাতনামা শিল্পী কোকিলা সৰকাৰে গীত পৰিবেশন কৰি ৰাইজৰ মন আপ্লুত কৰি কৰি তোলে।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *