
অসমত আগন্তুক ২৫৩০ বছৰলৈ কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে।” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আজি টিহুত এক সংবাদ মেলত এইদৰে কয়। বিজেপিৰ টিহু মণ্ডল সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ বৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ চৰকাৰৰ কামকাজৰ ওপৰত ভিত্তি কৰি অসমৰ ৰাইজে কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰা মন্তব্যক উভতি ধৰি কয় যে পূৰ্বৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা অসমৰ ৰাইজে মনত পেলালে অসমত আগন্তুক ২৫৩০ বছৰলৈ কংগ্ৰেছ শাসনলৈ আহিব নিদিয়ে। ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে আৰু কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ সমাজ কল্যান বিভাগৰ সাত লাখ ভূৱা হিতাধিকাৰী, পঞ্চায়তৰ চাৰি লাখ ভূৱা জৱ কাৰ্ড, যোগান বিভাগৰ ৩৬ হজাৰ ভূৱা ৰেচন কাৰ্ড চিনাক্ত কৰি বাতিল কৰিছে। সাংবাদ মেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ বৰুৱাই সৰ্বভাৰতীয় কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে অসমৰ মুখ্যমন্ত্ৰী কোন সেইটোৱে ভালদৰে নাজানে বুলি কটাক্ষ কৰি কয় যে সৰ্বভাৰতীয় কংগ্ৰেছ নেতা গৰাকীয়ে প্ৰকৃততে অসমত ধূৱলী কুৱলী দেখিছে। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা অসমৰ লগতে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতিও ভাবুকি বুলি মন্তব্য কৰে। কংগ্ৰেছ এআইইউডিএফ দলক বাংলাদেশী আৰু পাকিস্থানৰ পৃষ্ঠপোষক বুলি অভিহিত কৰি শিলচৰত এআইইউডিএফৰ সমৰ্থকে “পাকিস্থান জিন্দাবাদ” ধ্বনি দিয়াটো কিহৰ ইংগিত বুলি প্ৰশ্ন কৰে। এই ক্ষেত্ৰত তেওঁ অসমৰ ভৱিষ্যৎ বিপদাপন্ন কৰিব বিচৰা অপ শক্তিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমৰ সৰ্বস্তৰৰ ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। সংবাদ মেলত বিজেপি নেতা দুলাল দাস, পাৰ্থ প্ৰতীম তালুকদাৰ, দিপাংকৰ দত্ত, বনমালী বৰ্মন, টিহু নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী হিমানী মজুমদাৰ, বিজেপি নেত্ৰী কল্পনা ঠাকুৰীয়া, মঞ্জুলা কলিতা উপস্থিত থাকে।