
যোৱা ২ নৱেম্বৰ তাৰিখে হাহঁচৰা বড়ী প্ৰেছিডেঞ্ছি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈছিল T20 ফাইনেল ক্ৰিকেট প্ৰতিযোগিতা । ফাইনেল খেল খন অনুষ্ঠিত হৈছিল চৈয়দ মোদী সংঘ দলৈগাঁও আৰু মিজান ১১ দাতিয়ালবড়ীৰ মাজত। দুই দলৰ খেলুৱৈৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱাত খেল খন বন্ধ হৈ পৰাত দৰ্শকে ভাঙি লণ্ড-ভণ্ড কৰে বহু চকী। ভেলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও খেল পৰিচালনা সমিতিয়ে দৰ্শকৰ টিকটৰ মূল্য উভতাই দিয়ে। ঘটনা সন্দৰ্ভত আজি প্ৰেছিডেঞ্ছি ক্লাৱৰ কাৰ্যালয়ত এখনি সংবাদ মেলৰ আযোজন কৰি প্ৰেছিডেঞ্ছি ক্লাৱৰ বিষয়-ববীয়া সকলে এনেদৰে কয়।
