
ৰাজ্যৰ আদিবাসী সকলৰ দীৰ্ঘদীনিয়া জনজাতিকৰণৰ দাৱী আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে দেখুওৱা অনিহাত ক্ষোভিত হৈ শনিবাৰে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই ভেৰগাও আঞ্চলিক সমিতিৰ সহযোগত ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি টিংকু ওৰাং , সাধাৰণ সম্পাদক ৰবিৰাম বাস্কে আৰু ভেৰগাঁও আঞ্চলিক সমিতি আছাৰ সভাপতি প্ৰান্ত গোৱালা , সাধাৰণ সম্পাদক বিজয় মুৰাৰীৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায় , আদিবাসী বিৰোধী বিজেপি চৰকাৰ গ’ বেক , আছা লং লিভ আদি শ্লোগানেৰে ভেৰগাঁৱৰ আকাশ বতাহ কঁপাই তোলে ৷ প্ৰতিবাদকাৰী আছা কৰ্মী সকলে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলৰ জনজাতিকৰণকে ধৰি অন্যান্য দাৱী সমূহ পূৰণ নকৰিলে আদিবাসী অধ্যুষিত এলেকাৰ পৰা বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱাৰ হুংকাৰ দিয়ে ৷ প্ৰতিবাদৰ অন্তত আছাই ভেৰগাঁও মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাৱী সম্বলিত এক স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে
