ৰূপহীহাটত সূহৃদ আঁচনিৰ কেলেংকাৰীৰ প্ৰতিবাদত কংগ্ৰছী বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বি জে পিয়ে।
Debrata Pyne
November 6, 2020
Political
105 Views
ৰূপহী চাৰি আলিৰ মাজমজিয়াত দাউ দাউকৈ জ্বলি উঠিল কংগ্ৰছী বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি। ৰূপহী মন্ডল বি জে পিৰ উদ্যোগত দাহ হৈছে বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি। সমষ্টিটোত ছাত্ৰ ছাত্ৰীৰ জলপানিৰ বিপৰীতে আৱন্টিত হবলগীয়া সূহৃদ আঁচনিৰ ধন বিধায়ক নুৰুল হুদাৰ সাংগোপাংগোৰ পকেটত সোমোৱাৰ অভিযোগ তুলি দাহ কৰে জনৰ প্ৰতিমূৰ্তি। বি জে পিৰ কৰ্মকৰ্তা সকলে সৃহৃদ আঁচনিৰ কেলেংকাৰীত নিমজ্জিত বিধায়ক নুৰুল হুদাৰ সাংগো পাংগোক গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা মূৰ্দাবাদ শ্লগান দি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি বিধায়ক নুৰুল হুদাৰ পৃষ্ঠপোষকতাত যুৱ কংগ্ৰেছৰ সভাপতি ইক্ৰামুল হোছেইন আৰু তেওঁৰ পৰিয়ালৰ পদ্ম নামত আৱন্টিত হৈছিল ধন। তদুপৰি একাংশ হিতাধিকাৰীৰ অজ্ঞাতে ভূৱা বেংকৰ পাছবুকত আঁচনিৰ ধন মোকলাই দিয়াৰ উঠিছে অভিযোগ।
Juria পৰা Nizamul Hussain ৰিৰ্পোট ।আমাৰ অসম