
মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ভাৰতৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক ভিত্তিহীণ আইনৰ গোচৰৰ গইনা লৈ নিজ বাসগৃহৰ পৰা দাগি আপৰাধীৰ দৰে কৰা ঘটনাক হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ নলবাৰী সমিতিয়ে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে । আজি নলবাৰী জিলাৰ ৰাজপথত হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্তি দাহন কৰি অৰ্ণৱ গোস্বামীক অতি সোণকালে বিনা চৰ্তে ৰিহাই কৰাৰ দাবী জনাই । সংবাদকৰ্মী জনৰ ওপৰত চলা এনে নিৰ্মম নিৰ্যাতনৰ বাবে ক্ষোভ প্ৰকাশ কৰে দলটোৱে । আজিৰ এই কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ সভাপতি দিলীপ মজুমদাৰ আৰু সম্পাদক ডিম্বেশ্বৰ কলিতা সহ বহু কেইজন কৰ্মী উপস্থিত থাকে ।
কেমেৰা পাৰ্ছন দীপু দাসৰ সহযোগত কৃষ্ণ বৈশ্য নলবাৰী ।