বিলাসীপাৰাঃ ৫ নভেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টি খনত বিগত ৭৪ বছৰৰ তুলনা মুলক ভাৱে সমষ্টি খনত যোৱা ৫ বছৰতে যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। মনকৰিবলগীয়া কথা যে বিধায়ক সিংহীৰ গধুৰ তত্বাৱধানত আজিৰ দিনত বিলাসীপাৰাত ৫০ লাখ টকাৰ Sports, Mini Stadium কামৰ আধাৰশিলা শুভ হয়। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অনন্তলাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱ, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰী।আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম গায়িকা, কোকিলা সৰকাৰে গীত পৰিবেশন কৰি ৰাইজক মনোমূগ্ধ কৰি তোলে।।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিৰ্পট।।