জাগৰাত ভূপেন হাজৰিকা দিৱস উদযাপন
Debrata Pyne
November 6, 2020
Political
46 Views
ৰাজ্যৰ আন আন জিলাৰ লগতে আজি নলবাৰী জিলাৰ জাগৰাতো সুঠাকন্ঠ ড° ভুপেন হাজৰিকা দিৱস উদযাপন কৰা হয়৷ জিলা খনৰ এটা বিশেষ সামাজিক সাংস্কৃতিক অনুস্হান ধৰ্মপুৰ বিকাশ মঞ্চৰ উদ্যোগত দ্বাৰিকানাথ লক্ষ্মী প্ৰিয়া উচ্চ মাধ্যমিক বিদ্যালয় ,দক্ষিণ জাগৰাত উদযাপন কৰা উক্ত দিবসৰ লগত সংগতি ৰাখি ৰাতিপুৱা বৃক্ষৰোপনৰ পিছতে সুঠাকন্ঠৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জৌৰ্তীময় শৰ্মাৰ উপৰি উপস্থিত ৰাইজে৷৷
ইয়াৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতাৰ উপৰি কুইজ আৰু ভুপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুস্হীত হয়৷ইয়াৰ অন্ততঃ বিজয়ি প্ৰতিযোগি সকলৰ মাজত এখনকৈ সুঠাকন্ঠৰ জীৱন বৃতান্ত মুলক গ্ৰন্থ বিতৰণ কৰে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জৌৰ্তীময় শৰ্মাই৷ উক্ত সভাত উপস্থিত থাকি নলবাৰী জিলা ছাত্ৰ সন্হাৰ সাংগঠনিক সম্পাদক দিগন্ত ভড়ালি,ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জৌৰ্তীময় শৰ্মাই ভাষন আগবঢ়াই৷
কেমেৰা পাৰ্চন দীপু দাসৰ সহযোগত কৃষ্ণ বৈশ্য ৰিপোৰ্ট নলবাৰী।।