Breaking News
Home / Political / গুৰুজনাই জন্মস্থান বটদ্ৰৱাতে আৰম্ভ কৰিছিল অসমীয়া লিপি।

গুৰুজনাই জন্মস্থান বটদ্ৰৱাতে আৰম্ভ কৰিছিল অসমীয়া লিপি।

“গুৰুজনাই জন্মস্থান বটদ্ৰৱাতে আৰম্ভ কৰিছিল অসমীয়া লিপি।” বটদ্ৰৱাত সুধাকণ্ঠৰ নৱম সংখ্যক স্মৃতি দিৱস আৰু সাহিত্যিক দিলীপ কুমাৰ নাথৰ “কৃষ্ণ কথা অমৃতম” আৰু” সন্ধিয়াৰ সাধু” গ্ৰন্থ উন্মোচন অনুষ্ঠানত বিশিষ্ট ইতিহাসবিদ ড০ বিমান হাজৰিকাঃ

“গুৰুজনাই জন্মস্থান বটদ্ৰৱাতে শিলিখাৰ তলত বহি আৰম্ভ কৰিছিল অসমীয়া লিপি। আৰু এই বটদ্ৰৱাৰ পৰাই আৰম্ভ হৈছিল অসমীয়া সাহিত্য, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া কলা-কৃষ্টি।” এই মন্তব্য বিশিষ্ট ইতিহাসবিদ, সত্রীয়া সংস্কৃতিৰ গৱেষক তথা ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাৰ। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত নগাঁও জিলাৰ আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত আজি সুধাকণ্ঠৰ নৱম সংখ্যক স্মৃতি দিৱস পালন আৰু সাহিত্যিক দিলীপ কুমাৰ নাথৰ “কৃষ্ণ কথা অমৃতম” আৰু” সন্ধিয়াৰ সাধু” গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকি ড০ হাজৰিকাই এই মন্তব্য কৰে। অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, সাহিত্যিক দিলীপ কুমাৰ নাথ, শিক্ষক গিৰিশ বৰুৱাই ভাষন প্ৰদান কৰে। ধূপগুৰি জুনিয়ৰ কলেজৰ অধ্যক্ষ লক্ষ্যধৰ তালুুকদাৰে পৰিবেশন কৰা “মানুহে মানুহৰ বাবে” শীৰ্ষক কালজয়ী গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত পৌৰহিত্য কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই। অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱৰ গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি অতুল মহন্ত, আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰ, সাংবাদিক দিব্যজ্যোতি বৰুৱা, দিলদাৰ হুছেইন,নিপন নাথ, থানেশ্বৰ কলিতা, শিক্ষয়িত্ৰী সবিতা বৰা, কিনকিন মহন্ত, উপেন শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।


বটদ্ৰৱাৰ পৰা নিপন নাথ ৰিপট

About Debrata Pyne

Check Also

বিলাসীপাৰা কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি সন্পূৰ্ণঃ

বিলাসীপাৰাঃ ৭ নভেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি …

Leave a Reply

Your email address will not be published. Required fields are marked *