আজি কলিয়াবৰ কুঠৰী অঞ্চলত প্ৰতিজন ব্যক্তিক কভিড টেষ্ট কৰাৰ নিৰ্দেশ দিয়াৰ পিছত আজি কুঠৰী অঞ্চলত জখলাবন্ধাৰ স্বাস্থ্য বিভাগৰ এটা সজাতি দল উপস্থিত হৈ কভিড ১৯ টেষ্ট সম্পূৰ্ণ কৰে।প্ৰায় শতাধিক লোকে এই কভিড টেষ্ট কৰায় তাৰে ভিতৰত দশজন কৈ ব্যক্তিৰ টেষ্ট পজিটিভ ধৰা পৰে।লগে লগে পজিটিভ দশ গৰাকি ব্যক্তি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে।এই অঞ্চলৰ সচেতন লোক সকলে সম্পূৰ্ণ ৰূপে সহাৰি জনোৱাৰ লগতে প্ৰতিজন লোকক এই টেষ্ট কৰাবৰ বাবে আহ্বান জনায়।
কলিয়াবৰ কুঠৰীৰ পৰা দিলিপ ঘাটোৱালৰ ৰিপ’ৰ্ট