Breaking News
Home / Nalbari / High Protest C.P.I.M Against B.J.P. at Mukalmuwa, Nalbari

High Protest C.P.I.M Against B.J.P. at Mukalmuwa, Nalbari

নলবাৰী ৷ ৩০ ছেপ্টেম্বৰ
বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইন,জনবিৰোধী নীতি আৰু দুৰ্ণীতি অনিয়মৰ বিৰুদ্ধে আজি চি.পি.আই.এমে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মুকালমুৱাত ৷ চিপিআইএম পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ মাজমজিয়াৰে এটি বিশাল প্ৰতিবাদী সমদল উলিয়াই বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ উত্তাল প্ৰতিবাদেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায়-হায়, মোডী চৰকাৰ হায়-হায়, কৃষক বিৰোধী আইন মানি লোৱা নহৱ, সৰ্বানন্দ সোণোৱাল হায়-হায়, কৃষকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, চৰকাৰী আঁচনি সমুহত সংঘটিত হোৱা দুৰ্ণীতি অনিয়মৰ তদন্ত কৰক ইত্যাদি বিভিন্ন শ্লোগানে উত্তাল কৰি তোলে পৰিৱেশ ৷ প্ৰতিবাদকাৰী সকলে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে । কাৰ্যসূচীত চি.পি.আই.এম নেতা ভূৱনেশ্বৰ বৰ্মন, কৃষক নেতা জয়নাল আলী আহমেদ,এছ এফ আই নেতা গাজিউৰ ৰহমান চৌধুৰীসহ তিনি শতাধিক লোক উপস্থিত থাকে ।

কেমেৰা পাৰ্চন দীপু দাসৰ সহযোগত কৃষ্ণ বৈশ্য ৰিপোৰ্ট নলবাৰী।।।

About AmarAsom

Check Also

সৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।

নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO …

Leave a Reply

Your email address will not be published. Required fields are marked *