Breaking News
Home / Morigaon / New committee formation at Bishnu Rabha Primary School.

New committee formation at Bishnu Rabha Primary School.

যোৱা ২৯ ছেপ্টেম্বৰত জাগীৰোড শিলভঙা স্থিত বিষ্ণুৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়, উক্ত সভাত পুৰনা সমিতি ভঙ্গ কৰি ১৬ জনীয়া এখন নতুন গঠন কৰা হয়। স্থায়ী সভাপতি ছফিৰুদ্দিন আহমেদৰ সভাপতিত্বত বিষ্ণুৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হৈ যোৱা সাধাৰণ সভাত ছফিকুল ইছলামক সভাপতি, হাচনাহানা বেগমক উপ-সভানেত্ৰী আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী চান মাই ভৰলী সচিব হিচাপে লৈ মুঠ ১৬ জনীয়া এটা শক্তিশালী সমিতি গঠন কৰা হয়। নৱগঠিত এই সমিতিখনে বিদ্যালয়খনৰ উন্নয়নৰ লগতে স্থানীয় অঞ্চলত এটা শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব বুলি সভাত উপস্থিত থকা সকলোয়ে আশা প্ৰকাশ কৰে।তাৰোপৰি লিখা-পঢ়াৰ ক্ষেত্ৰত পিছপৰা শিলভঙাৰ দৰে ঠাইত নৱগঠিত সমিতিখনে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ গুৰুত্ব জগাই তুলিবলৈ আহোপুৰুষাৰ্থ কৰিব লাগিব বুলিও স্থানীয় ৰাইজে আহ্বান জনায়।—

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট

About AmarAsom

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *